মুঠ পঞ্জীয়ন: ১,৬১,৮১৯
বিভিন্ন খণ্ডৰ বাবে প্ৰকল্প টেমপ্লেট ডাউনলোড
কৰক।
মুঠ হিতাধিকাৰী: ২৫,০০০ +

CMAAA সফলতাৰ কাহিনী


কেনেকৈ আবেদন কৰিব

  • পঞ্জীয়ন

    মোবাইল/ইমেইল প্ৰমাণীকৰণৰ জৰিয়তে পৰ্টেলত অনলাইন পঞ্জীয়ন কৰক।

  • আঁচনিৰ বাবে আবেদন

    মুখ্য মন্ত্রীৰ আত্মনির্ভৰ অসম অভিযান আঁচনিৰ বাবে আবেদন কৰক।

  • স্বীকৃতি লাভ কৰক

    আবেদন দাখিল কৰাৰ লগে লগে স্বীকৃতি প্ৰমাণ পত্ৰ লাভ কৰক।

  • আঁচনিৰ সুবিধা

    যোগ্য আবেদনকাৰীক ডিবিটি/ডিডি মোডৰ জৰিয়তে পুঁজি বিতৰণ

মূল উদ্দেশ্য

❖ সকলো শ্ৰেণীৰ শিক্ষিত যুৱক-যুৱতীক উপযুক্ত ব্যৱস্থাৰ জৰিয়তে স্ব-নিয়োগ প্ৰদান কৰা।

❖ অসম ৰাজ্যত উদ্যোগীমুখী পৰিৱেশ তন্ত্ৰ সৃষ্টি কৰা।

❖ নতুন/বৰ্তমানৰ উদ্যোগ স্থাপনৰ জৰিয়তে গ্ৰাম্য আৰু চহৰ অঞ্চলত নিয়োগৰ সুযোগ সৃষ্টি কৰা।

❖ উদ্যমী ব্যক্তি আৰু গোটসমূহক নতুন/বৰ্তমানৰ অৰ্থনৈতিক কাৰ্য্যকলাপ গ্ৰহণ কৰিবলৈ আৰ্থিক সাহায্য প্ৰদান কৰা।

❖ গ্ৰাম্য অৰ্থনীতিৰ ওপৰত ৰাজ্য চৰকাৰৰ বিশেষ মনোনিৱেশ শক্তিশালী কৰা।

যোগ্যতা

❖ আবেদনকাৰী অসমৰ স্থায়ী বাসিন্দা হব লাগিব আৰু ১ এপ্ৰিল, ২০২৪ তাৰিখ অনুসৰি ২৮ বছৰৰ ওপৰৰ আৰু ৪৫ বছৰৰ তলৰ হ' ব লাগিব |

❖ আবেদনকাৰীৰ তলত উল্লেখ কৰা অনুসৰি নিম্নতম শিক্ষাগত অৰ্হতা থাকিব লাগিব -

  • সাধাৰণ জাতিৰ বাবে দশম শ্ৰেণী পাছ
  • অনুসূচিত জাতি/জনজাতিৰ/অবিচি শ্ৰেণীৰ প্ৰাৰ্থীসকলৰ বাবে দশম শ্ৰেণীলৈকে

❖ আয় সৃষ্টিকাৰী কাৰ্যকলাপ হাতত লবলৈ আবেদনকাৰীৰ দক্ষতা, অভিজ্ঞতা, জ্ঞান থাকিব লাগিব ।

❖ আবেদনকাৰীৰ এটা বেংক একাউণ্ট থাকিব লাগিব, যিটো ২০২৪ চনৰ ১ এপ্ৰিলৰ আগতে খোলা হৈছিল।

❖ ব্যক্তিগত আবেদনকাৰী পূবৰ্তে কোনো বেংক ঋণ পৰিশোধ নকৰা বুলি ঘোষিত হব নালাগিব ।

❖ কোনো পৰিয়ালৰ এজনতকৈ অধিক সদস্য এই আঁচনিৰ অধীনত লাভৱান হ'বলৈ যোগ্য হ' ব নোৱাৰিব । এই পৰিকল্পনাৰ উদ্দেশ্যে, পৰিয়ালৰ অৰ্থ হৈছে স্বামী, পত্নী, ভ্ৰাতৃ আৰু ভনী ।

❖ আবেদনকাৰীৰ নিয়োগ বিনিময়ত বৈধ পঞ্জীয়ন থাকিব লাগিব ।

❖ আবেদনকাৰী CMAAA 1.0 ৰ Beneficiary হব নালাগিব |

প্ৰয়োজনীয় নথিপত্ৰ

আঁচনিৰ বাবে আবেদন কৰাৰ সময়ত নিম্নলিখিত নথি-পত্ৰৰ দিয়া প্ৰয়োজন-

❖ নিম্নলিখিত যিকোনো পৰিচয়/ঠিকনাৰ প্ৰমাণ-আধাৰ/ভোটাৰ আইডি/পাছপ'ৰ্ট/ড্ৰাইভিং লাইচেঞ্চ |

❖ শিক্ষাগত অৰ্হতাৰ প্ৰমাণ |

❖ সক্ৰিয় বেংক একাউণ্ট পাছবুকৰ প্ৰথম পৃষ্ঠা (বেংকৰ পাছবুকত নাম দাখিল কৰা আইডি কাৰ্ডৰ দৰে একে হব লাগিব)

❖ PAN কাৰ্ড |

❖ নিয়োগ বিনিময় পঞ্জীয়ন কাৰ্ড |

কেনেকৈ আবেদন কৰিব

❖ কেৱল পঞ্জীভুক্ত আবেদনকাৰীসকলহে "মুখ্যমন্ত্ৰীৰ আত্মনির্ভৰ অসম অভিযান 2.0" আঁচনিৰ বাবে আবেদন কৰাৰ বাবে যোগ্য।

❖ "মুখ্যমন্ত্ৰীৰ আত্মনির্ভৰ অসম অভিযান 2.0"ত আবেদন কৰিবলৈ পঞ্জীভুক্ত আবেদনকাৰীসকলে "আবেদন কৰক" বিকল্পত ক্লিক কৰিব লাগিব।

❖ আবেদনকাৰীয়ে প্ৰয়োজনীয় সকলো তথ্য পূৰণ কৰিব লাগিব, প্ৰযোজ্য অনুসৰি প্ৰয়োজনীয় নথি-পত্ৰ আপলোড কৰিব লাগিব।

❖ পঞ্জীভুক্ত আবেদনকাৰীয়ে নিৰ্বাচিত খণ্ড/উপখণ্ডৰ ভিতৰত এটি প্ৰকল্পৰ প্ৰয়োজনীয় নথি আপলোড কৰিব লাগিব।

❖ সফলতাৰে দাখিল কৰাৰ পিছত ৰেফাৰেন্স নম্বৰৰ সৈতে এক স্বীকৃতি স্লিপ সৃষ্টি কৰা হয়, যাৰ সহায়ত এজন পঞ্জীভুক্ত আবেদনকাৰীয়ে আবেদনৰ স্থিতি অনুসৰণ কৰিব পাৰে। আবেদনকাৰীলৈ এটা এছএমএছ আৰু ইমেইল প্ৰেৰণ কৰা হব।

❖ এজন পঞ্জীভুক্ত আবেদনকাৰীয়ে ট্ৰেক বুটামত ক্লিক কৰি আৰু আবেদনকাৰীৰ আবেদন প্ৰসংগ নম্বৰ প্ৰবিষ্ট কৰি আবেদনৰ স্থিতি চাব আৰু ট্ৰেক কৰিব পাৰে।

❖ যোগ্য আবেদনকাৰীলৈ এছএমএছ আৰু ইমেইল প্ৰেৰণ কৰা হ’ব।